অসমৰ নতুনকৈ হোৱা ন্যায়িক জিলা বিলাকৰ ভিতৰত বাকসা জিলাও এখন । সন্মানীয় গৌহাটী উচ্চ ন্যায়ালয়ৰ সহমতিত মুছলপুৰত ৬ জানুৱাৰী ২০১৮ ৰ পৰা জিলা ন্যায়ালয়ৰ আৰম্ভনি কৰা হয়। বাকসা জিলাক ২০০৩ চনৰ অক্টোবৰ মাহত বি.টি.চি ৰ এখন জিলা হিচাপে গ্ৰহণ কৰা হৈছিল । ৬ জানুৱাৰী ২০১৮ তাৰিখে মুছলপুৰ,বাকসা জিলাৰ নতুন ন্যায়ালয়ৰ ভৱনৰ উদ্বোধন কৰে সন্মানীয় ন্যায়াাধীশ অজিত সিং মুখ্য ন্যায়াধীশ,সন্মানীয় গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্ৱাৰা । ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত হৃষিকেশ ৰয় সন্মানীয় ন্যায়াধীশ,জজ-ইন-চার্জ ,গৌহাটী উচ্চ ন্যায়ালয়,আৰু মানজিৎ ভূয়াঁ সন্মানীয় ন্যায়াধীশ,গৌহাটী উচ্চ ন্যায়ালয়,পোর্টফোলিও-জজ বাকসা জিলা ন্যায়ালয়,উপস্থিত আছিল ।বাকসা জিলা ন্যায়ালয়ৰ ভৱনত ৮ খন আদালত আছে । ক্রমান্বয়ে -১.জিলা ও সত্র ন্যায়াধীশৰ আদালত । ২.অতিৰিক্ত জিলা ও সত্র ন্যায়াধীশৰ আদালত । ৩.দেৱানী ন্যায়াধীশৰ আদালত । ৪.মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত । ৫.অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত । ৬.মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত । ৭.মুন্সিফ আদালত । ৮.প্রথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত ।